আফগানিস্তানৰ কুনাৰ, খোষ্ট আৰু পাকটিকা প্ৰদেশত পাকিস্তানী সামৰিক বিমান আক্ৰমণত কমেও ১৩ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত অধিকাংশ শিশু বুলি জানিব পৰা গৈছে। এটা বিবৃতিত তালিবানৰ মুখপাত্র জাবিহুল্লাহ মুজাহিদে এই আক্ৰমণৰ গৰিহণা দিয়ে।
তেওঁ পাকিস্তানী সেনাই পুনৰ আফগানিস্তানৰ আকাশমার্গত অবৈধভাৱে প্ৰৱেশ কৰি কৰা এই আক্রমণ অমানৱীয় আৰু অপৰাধী কাৰ্যকলাপ বুলি মন্তব্য কৰে। বিগত কেইমাহমান ধৰি পাকিস্তান আৰু আফগানিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ লগতে গুলিয়াগুলিৰ ঘটনা সংঘটিত হৈ থকাৰ ফলত জনজীৱন বিপর্যস্ত হৈছে।
দুয়োখন ৰাষ্ট্ৰই পৰস্পৰক এই ঘটনাৰ বাবে দোষী সাব্যস্ত কৰি আহিছে। এনে ধৰণৰ সংঘাত ৰোধ কৰিবলৈ ৰাষ্ট্ৰ দুখনৰ কূটনৈতিক আৰু চৰকাৰী মধ্যস্থতাই সফলতা লাভ কৰিব পৰা নাই।