আন্তর্জাতিক খ্যাতিসম্পন্ন সংগীত পৰিচালকদ্বয় জিতু-তপনক আজি আন্তৰিক আধাৰ সাধনা সন্মান ২০২৫ প্ৰদান কৰা হয়। এই উপলক্ষে আজি আবেলি গুৱাহাটীৰ দিশপুৰ ৰ পি. ডব্লিও. ডি. কনভেনশ্যন হলত আয়োজিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জিতু-তপন যুটীৰ সংগীত পৰিচালক জিতু শৰ্মাই এই বঁটা গ্ৰহণ কৰে। শাৰীৰিক অসুস্থতাৰ বাবে তপন ভট্টাচাৰ্য্য আজিৰ অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে। এই বঁটাত আছে নগদ ৫০ হাজাৰ টকা চেলেং চাদৰ স্মাৰক আৰু একোটাকৈ নেমু গছৰ পুলি। বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট হাস্য-ব্যংগ লেখক তথা চিকিৎসক ডাঃ অঞ্জনজ্যোতি চৌধুৰী, আবৃত্তিকাৰ অৱনী বৰা আৰু আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছিল। আধাৰ সাধনা সংস্থাৰ সভাপতি দিপাঞ্জলী দাস পাঠকে আদৰণি ভাষণ দিয়া অনুষ্ঠানটোৰ আঁত ধৰে আৰ জে সুজিতাই।
Assamese | January 24, 2026 9:53 PM | Akashvani | Akashvani Guwahati | Jitu Tapan
আন্তর্জাতিক খ্যাতিসম্পন্ন সংগীত পৰিচালকদ্বয় জিতু-তপনক আজি আন্তৰিক আধাৰ সাধনা সন্মান ২০২৫ প্ৰদান