■ প্রধানমন্ত্ৰীৰ অসম, মণিপুৰ আৰু মিজোৰাম ভ্ৰমণ সন্দৰ্ভত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি নিশা ৮ বাজি ২ মিনিটত বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত আকাশবাণীৰ আইজল আৰু ইম্ফলৰ সংবাদদাতা দুগৰাকীও টেলিফোনযোগে সংযুক্ত হ’ব। জ্যেষ্ঠ সাংবাদিক মনীষ গোস্বামী, এট্ৰনৰ পৰামৰ্শদাতা বসন্ত বৰঠাকুৰ আৰু পথ অভিযান্ত্ৰিক বিষয়ৰ পৰামৰ্শদাতা ত্রিদীপ চাংমাইয়ে অংশগ্রহণ কৰিবলগীয়া অনুষ্ঠানটোৰ পৰিকল্পনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰৰ। এই অনুষ্ঠান ৰাজ্যখনৰ কেইবাটাও আকাশবাণী কেন্দ্ৰই ৰিলে কৰিব।
আনহাতে, কাইলৈ সন্ধিয়া ৭ বাজি ৪৫ মিনিটত প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ সন্দৰ্ভত আমাৰ সংবাদদাতা সকলৰ প্রতিবেদনৰ ভিত্তিত আকাশবাণী গুৱাহাটী কেন্দ্ৰই এটা বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ কৰিব।
Assamese | September 13, 2025 11:54 AM | Aakashbani | Akashvani | Akashvani Guwahati | Dristipat
আজি নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ বিশেষ ‘দৃষ্টিপাত’ অনুষ্ঠান