● সমগ্র দেশে আজি ড° শ্যামাপ্রসাদ মুখাৰ্জীৰ পুণ্য তিথিত শ্রদ্ধা জ্ঞাপন কৰিছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয়, যে ড° শ্যামাপ্রসাদ মুখাৰ্জীৰ অতুলনীয় সাহস আৰু দেশৰ অখণ্ডতা ৰক্ষাৰ বাবে কৰা প্ৰয়াসক সদায় মনত ৰখা হ’ব। প্ৰধানমন্ত্ৰীয়ে লগতে কয়, যে ৰাষ্ট্ৰ নিৰ্মাণত তেওঁ আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৱদানক সদায়ে শ্ৰদ্ধাৰে সোঁৱৰা হ’ব। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই নতুন দিল্লীত থকা দলৰ মুখ্য কাৰ্যালয়ত ড° শ্যামাপ্রসাদ মুখাৰ্জীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অর্পন কৰে। সংবাদ মাধ্যমৰ আগত শ্রী নাড্ডাই কয়, যে সমগ্ৰ দেশতে দলৰ কৰ্মকৰ্তাই বিভিন্ন কাৰ্যসূচীৰে তেওঁৰ ৭২ সংখ্যক মৃত্যু তিথি পালন কৰিছে। ড° মুখাৰ্জীৰ অৱদানক শ্ৰদ্ধাৰে সুঁৱৰি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে কয়, যে স্বাধীনতা সংগ্ৰামী আৰু সমাজ সংস্কাৰক ড° শ্যামাপ্রসাদ মুখাৰ্জীয়ে জম্মু-কাশ্মীৰৰ প্ৰতি বিশেষ মর্যাদা প্ৰদান কৰাৰ বিষয়টোৰ বিৰোধিতা কৰিছিল। ভাৰতীয় জনসংঘৰ প্রতিষ্ঠাতা ড° মুখাৰ্জীৰ শ্ৰীনগৰ কাৰাগাৰত ১৯৫৩ চনৰ আজিৰ এই দিনটোতে ৰহস্যজনকভাৱে মৃত্যু ঘটিছিল।
Assamese | June 23, 2025 3:27 PM | Akashvani | Akashvani News | Syama Prasad Mukharjee
আজি ড° শ্যামাপ্রসাদ মুখাৰ্জীৰ পুণ্য তিথিত দেশবাসীৰ শ্রদ্ধা