আজিৰে পৰা ৰাজ্যৰ ৩০টা স্থানত ৭১ সংখ্যক লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্রতিযোগিতা

গুৱাহাটী ক্রীড়া সংস্থাৰ উদ্যোগত আৰু অসম ক্রিকেট সংস্থাৰ পৃষ্ঠপোষকতাত আজিৰে পৰা ৰাজ্যৰ ৩০টা স্থানত ৭১ সংখ্যক লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্রতিযোগিতা অনুষ্ঠিত হ’ব।

গুৱাহাটীত এখন সংবাদমেলত গুৱাহাটী ক্রীড়া সংস্থাৰ মুখ্য কাৰ্যবাহী বিষয়া মুনীন নবীশে কয় যে প্ৰতিযোগিতাখনত ২৯ খন জিলাৰ ২৩২টা দলে অংশগ্রহণ কৰিব।

তিনিটা পৰ্যায়ত হ’বলগীয়া প্ৰতিযোগিতাখনৰ মুঠ প্রাইজমানি ৮০ লাখ টকা। প্রতিযোগিতখনৰ অন্তিম পৰ্যায়ৰ খেলসমূহ অহা ২০ নৱেম্বৰৰ পৰা গুৱাহাটীৰ জজ খেলপথাৰত অনুষ্ঠিত হ’ব।

অহা ২৯ নৱেম্বৰত সামৰণি পৰিবলগীয়া এইবাৰৰ বৰদলৈ ট্ৰফীৰ দায়িত্ব অসম ক্রিকেট সন্থাই লোৱা বুলি সংবাদমেলযোগে আয়োজক সমিতিয়ে জানিবলৈ দিয়ে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।