আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত আজি অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক ঐতিহ্য প্ৰতিফলিত কৰা এখন ভাস্কৰ্য খোদিত দেৱাল স্থাপন কৰা হয়। শিল্পী জয়ন্ত চক্ৰৱৰ্তীয়ে খোদিত কৰা এই দেৱালখনত বিহুনৃত্যৰ লগতে বাগৰুম্বা, কাৰ্বি আৰু চাহ জনগোষ্ঠীয় ঝুমুইৰ নৃত্য ভংগিমা প্ৰদৰ্শিত হৈছে। আজি দুপৰীয়া আকাশবাণী গুৱাহাটীৰ অভিযান্ত্রিক শাখাৰ উপ-সঞ্চালক প্ৰধান ৱালিউল্লা খানে এই দেৱালখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে। অনুষ্ঠানত আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন অনুষ্ঠান মূৰব্বী দিলীপ কুমাৰ দাসকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি অসমৰ সংস্কৃতিক এই ধৰি ৰখাৰ বাবে আকাশবাণীয়ে লোৱা প্ৰচেষ্টাৰ শলাগ লয়।
Assamese | August 7, 2025 7:20 PM | Akashvani Guwahati | Akashvani Guwahati Office | Akashvani News
আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত ভাস্কৰ্য খোদিত দেৱাল স্থাপন