■ আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন বাতৰি পঢ়োতা গোলাপ শইকীয়াৰ পঞ্চম মৃত্যু বার্ষিকী উপলক্ষে বাতৰি বিভাগৰ তৰফৰ পৰা অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এখন অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই প্ৰতিযোগিতাৰ ভাষা হ’ব অসমীয়া আৰু সময় ১ মিনিট নির্ধাৰণ কৰা হৈছে। ইচ্ছুক প্ৰতিযোগীয়ে সাম্প্ৰতিক ঘটনাৱলী সম্পৰ্কত বাতৰি আকাশবাণীৰ বাবে উপযুক্ত ৰূপত মোবাইল ফোন অথবা অডিঅ’ ৰেকৰ্ডাৰত ৰেকৰ্ড কৰি এম-পি থ্ৰী ৰূপত ৯৭১৬৬৮০৯৬৯, ৯৮৬৪৩৯৩১৫৫ আৰু ৯৬১৯৬৮৬৬৫৯ এই তিনিটা নম্বৰৰ যিকোনো এটা নম্বৰলৈ ২৪ ছেপ্তেম্বৰৰ ভিতৰত হোৱাট্ছএপযোগে পঠিয়াব লাগিব। সবিশেষ জানিবৰ বাবে শ্ৰোতাসকলে আমাৰ ফেচবুক পেজ এয়াৰ নিউজ গুৱাহাটী চাব পাৰে।
Assamese | September 4, 2025 11:53 AM | Akashvani | Akashvani Guwahati | Golap Saikia | News reading compitition
আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন বাতৰি পঢ়োতা গোলাপ শইকীয়াৰ পঞ্চম মৃত্যু বার্ষিকী উপলক্ষে অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতা