আই পি এল ক্রিকেট প্রতিযোগিতাত আজি চেন্নাইৰ এম. এ. চিদাম্বৰম ষ্টেডিয়ামত হ’বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ’ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ’ব। চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক মহেন্দ্র সিং ধোনীয়ে আই. পি. এলৰ এইবাৰৰ সংস্কৰণৰ বাকী খেল কেইখনত পূর্ণকালীন অধিনায়ক ৰুতুৰাজ গায়কোৱাৰ্ডৰ স্থান ল’ব বুলি ঘোষণা কৰিছে। গায়কোৱাডক কিলাকূটিৰ আঘাতৰ বাবে বাকী কেইখন খেলৰ পৰা বাদ দিয়া হৈছে।ডেলহি কেপিটেলছে যোৱানিশা বাংগালুৰুৰ এম ছিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালুৰুক ৬ উইকেটত পৰাস্ত কৰে।
Assamese | April 11, 2025 7:01 PM | Cricket | IPL | SPORTS
আই পি এলত সন্ধিয়া ৭.৩০ বজাত চেন্নাই ছুপাৰ কিংছ কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ’ব