অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণাপ্রতাপ কলিতাৰ অধ্যক্ষতাত সপ্তম অসম বিত্ত আয়োগে আজি ডিব্ৰুগড়ত জিলাখনৰ স্থানীয় নিকায়, পৌৰ নিগম, পঞ্চায়তীৰাজ প্ৰতিষ্ঠান আৰু বিভিন্ন উন্নয়নমূলক বিভাগৰ মুৰব্বী বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। বিত্ত আয়োগে ২০১৯-২০২০ বিত্তীয় বৰ্ষৰ পৰা ২০২৩-২০২৪ বিত্তীয় বৰ্ষলৈকে জিলাখনত সংশ্লিষ্ট নিকায় আৰু বিভাগসমূহৰ আয়-ব্যয়ৰ খতিয়ান লয়। আজিৰ বৈঠকত নগৰ নিগম আৰু পঞ্চায়তীৰাজ প্ৰতিষ্ঠানসমূহে ৰাজহ বৃদ্ধিৰ লগতে সেৱাৰ মান উন্নত কৰিবলৈ নিকায়সমূহক বিত্ত আয়োগে পৰামৰ্শ আগবঢ়ায়। বৈঠকত বিত্ত আয়োগৰ পৰামৰ্শদাতা অৱসৰপ্ৰাপ্ত কর্ণেল বুধিন্দ্ৰ লহকৰ, অধ্যাপক কনক হালৈ, ডিব্ৰুগড়ৰ মেয়ৰ ডাঃ চৈকত পাত্র, বিভাগীয় মুৰব্বী বিষয়াসকল আৰু ডিব্ৰুগড় জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিপুল কুমাৰ দাসেও অংশগ্ৰহণ কৰে।
Assamese | March 19, 2025 7:37 PM | Akashvani News | Local news
অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণাপ্রতাপ কলিতাৰ অধ্যক্ষতাত বিভিন্ন উন্নয়নমূলক বিভাগৰ মুৰব্বী বিষয়াসকলৰ সৈতে বৈঠক