অসম ৰাজ্যিক নির্বাচন আয়োগে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। আয়োগে কৈছে যে ৰাজ্যখনত ২ আৰু ৭ মে’ত দুটা পৰ্যায়ত পঞ্চায়ত আৰু জিলা পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। ৰাজ্যিক নির্বাচন আয়ুক্ত অলোক কুমাৰে আজি গুৱাহাটীত এখন সংবাদ মেলত কয় যে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে ষষ্ঠ অনুসূচীৰ এলেকাসমূহৰ বাহিৰে বাকী ঠাইসমূহত নির্বাচনী আচৰণ বিধি প্ৰযোজ্য হৈছে। ষষ্ঠ অনুসূচীৰ এলেকাসমূহত এই নির্বাচন অনুষ্ঠিত নহয়। প্রথম পৰ্যায়ত উজনি অসম আৰু বৰাক উপত্যকাৰ জিলাসমূহত আৰু দ্বিতীয় পৰ্যায়ত নামনি অসমৰ জিলাসমূহত ভোটগ্ৰহণ কৰা হ’ব। ১১ মে’ত ভোটগণনা কৰা হ’ব। কাইলৈ মনোনয়ন দাখিল প্ৰক্ৰিয়া আৰম্ভ হ’ব আৰু ১১ এপ্রিল মনোনয়ন দাখিলৰ অন্তিম দিন ধার্য কৰা হৈছে।
Assamese | April 2, 2025 8:58 PM | Akashvani News | ECI Assam | Guwahati | Panchyat election
অসম ৰাজ্যিক নির্বাচন আয়োগৰ পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা