অসম মন্ত্ৰীসভাৰ দপ্তৰ সামান্য সাল-সলনি ঘটোৱা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ দায়িত্ব নিজৰ হাতলৈ নিছে। আনহাতে, কেশৱ মহন্তক পৰিবহণ, মীন, আবকাৰী, বিজ্ঞান, প্রযুক্তি আৰু জলবায়ু পৰিৱৰ্তন তথা তথ্য প্রযুক্তি বিভাগৰ দায়িত্ব অৰ্পন কৰা হৈছে। পূৰ্বতে কেশৱ মহন্তক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ দায়িত্ব অর্পণ কৰা হৈছিল। একেদৰে সদ্য নির্বাচিত সাংসদ পৰিমল শুক্লবৈদ্য পৰিবহণ, মীন আৰু আবকাৰী বিভাগৰ দায়িত্বত আছিল। পৰিমল শুক্লবৈদ্যৰ বিধায়কৰ পদত্যাগ পত্ৰ আজি ৰাজ্যপালে গ্ৰহণ কৰিছে।
Assamese | June 18, 2024 5:21 PM | Assam CM | Assam Govt | Himanta Biswa | Himanta Biswa Sarma
অসম মন্ত্ৰীসভাৰ দপ্তৰৰ সাল-সলনি