অসম বিশ্ববিদ্যালয়ত আজি প্ৰশাসন আৰু ৰাজভাষা হিন্দী শীর্ষক এখন হিন্দী কৰ্মশালাৰ আয়োজন কৰা হয়। বিশ্ববিদ্যালয়খনৰ প্ৰশাসনিক কামত হিন্দী ভাষাৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ লগতে ৰাজভাষা নীতিৰ ফলপ্ৰসূ ৰূপায়ণৰ লক্ষ্যৰে এই কৰ্মশালাৰ আয়োজন কৰা হয়। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড০ ৰাজীৱ মোহন পণ্টই কৰ্মশালাখন উদ্বোধন কৰে। বিশ্ববিদ্যালয়খনৰ ৰাজভাষা কোষৰ উদ্যোগত আয়োজিত এই কর্মশালাত শিক্ষানুষ্ঠানখনৰ নৱনিযুক্ত বিষয়া-কৰ্মচাৰীসকলে অংশ লয়।
Assamese | August 21, 2025 8:45 PM | Akashvani | Akashvani Guwahati | Assam University
অসম বিশ্ববিদ্যালয়ত প্ৰশাসন আৰু ৰাজভাষা হিন্দী শীর্ষক হিন্দী কৰ্মশালাৰ আয়োজন