অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ সহযোগত গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত চলি থকা অসম গ্রন্থ মেলাৰ আজি একাদশ দিনা মহিলাসকলৰ ভিন্ন সুৰী কাৰ্য্যসূচী অনুষ্ঠিত হয়। ইয়াৰ লগতে বিয়লি ৩ বজাৰ পৰা বহুভাষিক কবি সন্মিলন অনুষ্ঠিত হয়। অপৰাজিতা পূজাৰীয়ে সঞ্চালনা কৰা এই অনুষ্ঠানত হায়দাবাদৰ বিশিষ্ট কবি ৰমেশ কার্তিক আৰু উত্তৰ প্ৰদেশ আগশাৰীৰ কবি গৌৰৱ পাণ্ডে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। বিয়লি ৫ বজাৰ পৰা সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে।
Assamese | January 3, 2026 7:14 PM | Akashvani | Akashvani Guwahati | Assam Book Fair 2025
অসম গ্রন্থ মেলাৰ আজি একাদশ দিনা মহিলাসকলৰ ভিন্নসুৰী কাৰ্য্যসূচী অনুষ্ঠিত