ৰাজ্যৰ বিভিন্ন প্ৰান্তত কমেও ৩৮ জন লোক বাহকজনিত ৰোগত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে ব্যাপক সজাগতা কাৰ্যসূচী গ্ৰহণ কৰিছে। জুন-জুলাই মাহত জাপানী এনকেফেলাইটিছ ৰোগৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই ৰোগৰ পৰা হাত সাৰি থকাৰ বাবে সজাগ হ’বলৈ স্বাস্থ্য বিভাগে জনসাধাৰণক আহ্বান জনাইছে।
বিশেষ সূত্র অনুসৰি ৰাজ্যত জাপানী এনকেফেলাইটিছ আৰু এনে ধৰণৰ লক্ষণযুক্ত ৰোগত আক্ৰান্ত হৈ চলিত বছৰত কমেও ৮ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত কামৰূপ আৰু লখিমপুৰত দুজনকৈ, বৰপেটা, কাছাৰ, যোৰহাট আৰু কামৰূপ মহানগৰত এজনকৈ লোকৰ মৃত্যু হৈছে।
আনহাতে কামৰূপ মহানগৰ, বাক্সা, বৰপেটা, কাছাৰ, চৰাইদেউ, গোৱালপাৰা, হাইলাকান্দি, যোৰহাট আৰু কামৰূপত জাপানী এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈ কেইবাজনো ৰোগ চিকিৎসাধীন হৈ আছে। এনেধৰণৰ ৰোগত ছয় শতাধিক লোক আক্রান্ত হৈছে বুলি স্বাস্থ্য বিভাগৰ সূত্ৰত প্রকাশ পাইছে।
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমে এই ৰোগৰ পৰা হাত সৰাৰ বাবে জনসাধাৰণক মহৰ প্ৰজনন হোৱা স্থানসমূহ পৰিষ্কাৰ কৰি ৰাখিবলৈ আহ্বান জনাইছে। তদুপৰি তীব্র জ্বৰ, মূৰৰ বিষ, শৰীৰৰ অস্বাভাৱিক কঁপনি, কথা ক’বলৈ অসুবিধা পোৱা আৰু অচেতন হৈ পৰা লক্ষণ দেখা মাত্রেই চিকিৎসকৰ পৰামৰ্শ গ্রহণ কৰিবলৈ আহ্বান জনোৱা হৈছে।