June 14, 2026 12:16 PM

views 40

অসমৰ বিভিন্ন প্ৰান্তত কমেও ৩৮ জন লোক বাহকজনিত ৰোগত আক্ৰান্ত

ৰাজ্যৰ বিভিন্ন প্ৰান্তত কমেও ৩৮ জন লোক বাহকজনিত ৰোগত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে ব্যাপক সজাগতা কাৰ্যসূচী গ্ৰহণ কৰিছে। জুন-জুলাই মাহত জাপানী এনকেফেলাইটিছ ৰোগৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই ৰোগৰ পৰা হাত সাৰি থকাৰ বাবে সজাগ হ'বলৈ স্বাস্থ্য বিভাগে জনসাধাৰণক আহ্বান জনাইছে। বিশেষ সূত্র অনুসৰি ৰাজ্যত জাপানী এনকেফেলাইটিছ আৰু এনে ধৰণৰ লক্ষণযুক্ত ৰোগত আক্ৰান্ত হৈ চলিত বছৰত কমেও ৮ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত কামৰূপ আৰু লখিমপুৰত দুজনকৈ, বৰপেটা, কাছাৰ, যোৰহাট আৰু কামৰূপ মহানগৰত এজনকৈ লো...

July 5, 2025 6:59 PM

views 61

ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি

ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাৰ বাতৰি পোৱা গৈছে। কামৰূপ জিলাত এই ৰোগত আক্ৰান্ত হৈ চাৰিগৰাকী লোকে প্ৰাণ হেৰুৱাইছে আৰু চাৰিজন লোক চিকিৎসাধীন হৈ আছে। কামৰূপ জিলা মেলেৰিয়া বিভাগে এই ৰোগ প্ৰতিৰোধৰ বাবে বিভিন্ন স্থানত সজাগতা শিবিৰৰ আয়োজন কৰিছে। বিভাগে লগতে প্ৰায় ২০ হাজাৰ ঔষধযুক্ত আঁঠুৱা বিতৰণ কৰিছে আৰু জিলাখনৰ অধীনৰ বকো, ছয়গাঁও, গৰৈমাৰী, ৰঙিয়া, বাইহাটা চাৰিআলিত ফগিং কৰাৰ ব্যৱস্থা কৰিছে। যোৰহাট জিলাত জাপানীজ এনকেফেলাইটিছত এজন ১৬ বছৰীয়া কিশোৰৰ মৃত্যু হৈছে। বৰ...

June 29, 2025 7:29 PM

views 57

দৰং জিলাত জাপানীজ এনচেফেলাইটিছ সদৃশ ৰোগৰ গুৰুতৰ ৰূপ ধাৰণ

চলিত মাহৰ দ্বিতীয় সপ্তাহটোত দৰং জিলাত শেহতীয়াকৈ জাপানীজ এনচেফেলাইটিছ সদৃশ ৰোগে গুৰুতৰ ৰূপ ধাৰণ কৰিছে। জিলা স্বাস্থ্য বিভাগৰ উদ্ধৃতি দি আমাৰ দৰং জিলাৰ সংবাদদাতাই জনোৱা মতে জিলাখনত এই পর্যন্ত এই দুয়োবিধ ৰোগত তিনিজন লোকৰ মৃত্যু হৈছে। ইয়াৰ লগতে জাপানীজ এনচেফেলাইটিছ ৰোগত আঠজন আৰু এনচেফেলাইটিছ সদৃশ ৰোগত আৰু ১৬জন লোক আক্ৰান্ত হৈ আছে বুলি বাতৰি পোৱা গৈছে। জিলা স্বাস্থ্য বিভাগে বাহকজনিত ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ বাবে যাৱতীয় প্ৰচেষ্টা গ্রহণ কৰিছে।

July 18, 2024 8:02 PM

views 60

ৰাজ্যৰ কেইবাখনো জিলাত জাপানীজ এনচেফেলাইটিছ আৰু জাপানীজ এনচেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ

ৰাজ্যৰ কেইবাখনো জিলাত বানৰ পাছত জাপানীজ এনচেফেলাইটিছ আৰু জাপানীজ এনচেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটিছে। এই ৰোগত আক্ৰান্ত হৈ ইতিমধ্যে ৫ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১১ জন লোক চিকিৎসাধীন হৈ আছে। ৰাজ্যৰ ২৪ খন জিলাত ১৮৭ জন লোক এই ৰোগত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে। গোলাঘাট জিলাত জানুৱাৰী মাহৰ পৰা এতিয়ালৈ ৫৫ জন লোক এই ৰোগত আক্ৰান্ত হৈছে। জিলাখনৰ যুটীয়া স্বাস্থ্য সঞ্চালকে প্ৰকাশ কৰা মতে এই লোকসকল জাপানীজ এনচেফেলাইটিছতেই নহয় অন্য ৰোগতো আক্ৰান্ত হৈছে। জিলাখনত মুঠ ৮ জন লোকহে এই ৰোগত আক্ৰান্ত হো...