June 14, 2026 12:16 PM

views 26

অসমৰ বিভিন্ন প্ৰান্তত কমেও ৩৮ জন লোক বাহকজনিত ৰোগত আক্ৰান্ত

ৰাজ্যৰ বিভিন্ন প্ৰান্তত কমেও ৩৮ জন লোক বাহকজনিত ৰোগত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে ব্যাপক সজাগতা কাৰ্যসূচী গ্ৰহণ কৰিছে। জুন-জুলাই মাহত জাপানী এনকেফেলাইটিছ ৰোগৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই ৰোগৰ পৰা হাত সাৰি থকাৰ বাবে সজাগ হ'বলৈ স্বাস্থ্য বিভাগে জনসাধাৰণক আহ্বান জনাইছে। বিশেষ সূত্র অনুসৰি ৰাজ্যত জাপানী এনকেফেলাইটিছ আৰু এনে ধৰণৰ লক্ষণযুক্ত ৰোগত আক্ৰান্ত হৈ চলিত বছৰত কমেও ৮ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত কামৰূপ আৰু লখিমপুৰত দুজনকৈ, বৰপেটা, কাছাৰ, যোৰহাট আৰু কামৰূপ মহানগৰত এজনকৈ লো...