অসমৰ পৰম্পৰাগত সামগ্রী, বাদ্যযন্ত্র আৰু থলুৱাভাৱে উৎপাদিত সামগ্রীয়ে বিশ্ব দৰবাৰত স্বীকৃতি লাভ কৰিছে বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ ৰাজ্য মন্ত্রী জিতিন প্রসাদৰ প্ৰকাশ

অসমৰ পৰম্পৰাগত সামগ্রী, লোকসংস্কৃতিৰ অভিন্ন বাদ্যযন্ত্র আৰু থলুৱাভাৱে উৎপাদিত সামগ্রীয়ে বিশ্ব দৰবাৰত ঐতিহাসিক স্বীকৃতি লাভ কৰিছে। লোকসভাত কালি কোকৰাঝাৰৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে সোধা এটা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ ৰাজ্য মন্ত্রী জিতিন প্রসাদে এই কথা সদৰি কৰে।

তেওঁ কয়, যে অসমৰ মুঠ ৪৬ বিধ থলুৱা সামগ্রীয়ে ইতিমধ্যে জি আই টেগ লাভ কৰিবলৈ সমৰ্থ হৈছে। অসমৰ লোক সংস্কৃতি আৰু থলুৱা সম্ভাৱনা বিশ্ব বজাৰত জিলিকাই তুলিবলৈ শীঘ্ৰে আৰু ৬১ বিধ পৰম্পৰাগত সামগ্ৰীক জি আই টেগ প্ৰদানৰ প্ৰক্ৰিয়া বিবেচনাধীন হৈ আছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ কয়, যে এই সন্দর্ভত আলোচনা চূড়ান্ত পর্যায়ত আছে।

লোকসভাত কালি এই বিষয়ে সবিশেষ তথ্য আনুষ্ঠানিকভাৱে দাখিল কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে জি আই টেগ পোৱা সামগ্রীকেইবিধৰ মৰ্যাদা বাঢ়ি গৈছে। তেওঁ কয়, যে জি আই টেগ লাভ কৰা সামগ্ৰীসমূহ কেন্দ্ৰীয় চৰকাৰৰ মেক ইন ইন্ডিয়া এখন জিলা, এবিধ সামগ্রী আঁচনিৰ অধীনত বিভিন্ন আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাৰ জৰিয়তে প্ৰদৰ্শনৰ সুবিধা কৰা হৈছে।