July 22, 2026 10:32 AM

views 22

অসমৰ পৰম্পৰাগত সামগ্রী, বাদ্যযন্ত্র আৰু থলুৱাভাৱে উৎপাদিত সামগ্রীয়ে বিশ্ব দৰবাৰত স্বীকৃতি লাভ কৰিছে বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ ৰাজ্য মন্ত্রী জিতিন প্রসাদৰ প্ৰকাশ

অসমৰ পৰম্পৰাগত সামগ্রী, লোকসংস্কৃতিৰ অভিন্ন বাদ্যযন্ত্র আৰু থলুৱাভাৱে উৎপাদিত সামগ্রীয়ে বিশ্ব দৰবাৰত ঐতিহাসিক স্বীকৃতি লাভ কৰিছে। লোকসভাত কালি কোকৰাঝাৰৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে সোধা এটা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ ৰাজ্য মন্ত্রী জিতিন প্রসাদে এই কথা সদৰি কৰে। তেওঁ কয়, যে অসমৰ মুঠ ৪৬ বিধ থলুৱা সামগ্রীয়ে ইতিমধ্যে জি আই টেগ লাভ কৰিবলৈ সমৰ্থ হৈছে। অসমৰ লোক সংস্কৃতি আৰু থলুৱা সম্ভাৱনা বিশ্ব বজাৰত জিলিকাই তুলিবলৈ শীঘ্ৰে আৰু ৬১ বিধ পৰম্পৰাগত সামগ্ৰীক জি আই টেগ প্ৰদানৰ প্ৰক্ৰিয়া বিবেচনাধীন...

May 27, 2025 8:31 PM

views 201

কৃত্রিম বুদ্ধিমত্তাই ভৱিষ্যতে যুৱ প্ৰজন্মক শিক্ষা আৰু দক্ষতা বিকাশত সহায় কৰিব বুলি জিতিন প্ৰসাদৰ প্ৰকাশ

ইলেকট্ৰনিকছ আৰু তথ্য প্রযুক্তি ৰাজ্য মন্ত্ৰী জিতিন প্ৰসাদে দেশৰ যুৱ প্ৰজন্মৰ বাবে এ আই অর্থাৎ কৃত্রিম বুদ্ধিমত্তাৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰি কয়, যে ই ভৱিষ্যতে শিক্ষা আৰু দক্ষতা বিকাশত সহায় কৰিব। নতুন দিল্লীত শিক্ষাত কৃত্রিম বুদ্ধিমত্ৰাৰ গুৰুত্ব বিষয়ক PADH AI শীর্ষক সন্মিলন সম্বোধন কৰি তেওঁ কয়, যে ভাৰতৰ কৃত্রিম বুদ্ধিমত্তা অভিযানৰ লক্ষ্য হৈছে শিক্ষা, কৌশল বিকাশ, উদ্ভাৱন আৰু দেশৰ ষ্টাৰ্ট আপ আৰু অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহক বিশ্বমানৰ কৰি গঢ়ি তোলা। মন্ত্ৰীগৰাকীয়ে শিক্ষাৰ ক্ষেত...