July 22, 2026 10:32 AM

views 22

অসমৰ পৰম্পৰাগত সামগ্রী, বাদ্যযন্ত্র আৰু থলুৱাভাৱে উৎপাদিত সামগ্রীয়ে বিশ্ব দৰবাৰত স্বীকৃতি লাভ কৰিছে বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ ৰাজ্য মন্ত্রী জিতিন প্রসাদৰ প্ৰকাশ

অসমৰ পৰম্পৰাগত সামগ্রী, লোকসংস্কৃতিৰ অভিন্ন বাদ্যযন্ত্র আৰু থলুৱাভাৱে উৎপাদিত সামগ্রীয়ে বিশ্ব দৰবাৰত ঐতিহাসিক স্বীকৃতি লাভ কৰিছে। লোকসভাত কালি কোকৰাঝাৰৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে সোধা এটা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ ৰাজ্য মন্ত্রী জিতিন প্রসাদে এই কথা সদৰি কৰে। তেওঁ কয়, যে অসমৰ মুঠ ৪৬ বিধ থলুৱা সামগ্রীয়ে ইতিমধ্যে জি আই টেগ লাভ কৰিবলৈ সমৰ্থ হৈছে। অসমৰ লোক সংস্কৃতি আৰু থলুৱা সম্ভাৱনা বিশ্ব বজাৰত জিলিকাই তুলিবলৈ শীঘ্ৰে আৰু ৬১ বিধ পৰম্পৰাগত সামগ্ৰীক জি আই টেগ প্ৰদানৰ প্ৰক্ৰিয়া বিবেচনাধীন...