অসমত ৰাষ্ট্ৰীয় বৰষুণ নিৰ্ভৰশীল অঞ্চল প্ৰাধিকৰণৰ পুঁজিৰে ৰূপায়িত বনৰীয়া ধান সংৰক্ষণ প্ৰকল্পই লেখত ল’বলগীয়া সাফল্য অৰ্জন

অসমত ৰাষ্ট্ৰীয় বৰষুণ নিৰ্ভৰশীল অঞ্চল প্ৰাধিকৰণৰ পুঁজিৰে ৰূপায়িত বনৰীয়া ধান সংৰক্ষণ প্ৰকল্পই লেখত ল’বলগীয়া সাফল্য অৰ্জন কৰিছে। এই প্ৰকল্পৰ অধীনত ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য প্ৰাধিকৰণে শোণিতপুৰ জিলাৰ বৰজুলি এলেকাক জৈৱ বৈচিত্র্য ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত কৰা হৈছে।

বনৰীয়া ধানৰ প্ৰাৰম্ভিক সংৰক্ষণ তথা ব্যৱস্থাপনা শীৰ্ষক এই প্ৰকল্পৰ জৰিয়তে প্রাকৃতিকভাৱে উৎপন্ন এলকাতে ধান সংৰক্ষণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। দেশৰ চহকী বনৰীয়া ধানৰ বিচিত্ৰতাৰ সংৰক্ষণ আৰু সকলো পৰিস্থিতিৰ বাবে অনুকূল কৃষিৰ প্ৰসাৰৰ দিশৰ পৰা এই স্বীকৃতি গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে।

কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে নতুন দিল্লীৰ ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অধীনৰ ৰাষ্ট্ৰীয় উদ্ভিদ জিনীয় সমল ব্যুৰোৱে অসম ৰাজ্যিক জৈৱ বৈচিত্র্য পৰিষদৰ সহযোগত ২০২২ চনৰ পৰা এই প্রকল্প ৰূপায়ণ কৰি আছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।