কেন্দ্রীয় মন্ত্রী ড০ জিতেন্দ্র সিঙে যোৱা মাহত চীনৰ জিনিঙত অনুষ্ঠিত অষ্টাদশ আন্তঃৰাষ্ট্ৰীয় ভূ-বিজ্ঞান অলিম্পিয়াড ২০২৫ত অংশগ্ৰহণ কৰা ভাৰতীয় দলটোৰ বিজয়ী শিক্ষাৰ্থীসকলক নতুন দিল্লীত সম্বর্ধনা জনায়। এই প্রতিযোগিতাত ভাৰতীয় দলটোৱে এটা সোণ, চাৰিটা ৰূপ আৰু দুটা ব্ৰঞ্জসহ সাতটা পদকৰ লগতে আন্তঃৰাষ্ট্ৰীয় ধৰিত্ৰী বিজ্ঞান যুৱ আন্দোলন প্রতিবেদক শিতানত তৃতীয় পুৰস্কাৰ লাভ কৰে। অনুষ্ঠানত ভাষণ দি ড০ জিতেন্দ্র সিঙে দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে শিক্ষাৰ্থীসকলক প্ৰশংসা কৰি কয়, যে এই ফলাফলে যুৱচামৰ নতুন অভিলাসী উদ্যম প্ৰতিফলিত কৰে। দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ চহৰসমূহ এই ক্ষেত্ৰত উজ্বলি উঠা বুলিও তেওঁ উল্লেখ কৰে । ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ জৰিয়তে যুৱচামৰ সৃষ্টিশীলতাই নতুন দিশ বিচাৰি পোৱা বুলি উল্লেখ কৰি তেওঁ কয়, যে সম্প্রতি যুৱ চামে বিভিন্ন দিশত নিজৰ প্ৰতিভা অন্বেষণ কৰিবলৈ সমৰ্থ হৈছে। মন্ত্ৰীগৰাকীয়ে শিক্ষাৰ্থীসকলক বিজ্ঞানজ্যোতি তথা বৃত্তিৰ দৰে চৰকাৰী সুবিধাসমূহ সক্রিয়ভাৱে গ্ৰহণ কৰি প্ৰগতিৰ পথেৰে ধাবিত হ’বলৈ আহ্বান জনায়।
Assamese | September 7, 2025 8:13 PM | Union Minister Dr Jitendra Singh congratulates 18th International Geologist Olympiad 2025 winner
অষ্টাদশ আন্তঃৰাষ্ট্ৰীয় ভূ-বিজ্ঞান অলিম্পিয়াড ২০২৫ত অংশগ্ৰহণ কৰা ভাৰতীয় দলটোৰ বিজয়ী শিক্ষাৰ্থীসকলক নতুন দিল্লীত কেন্দ্রীয় মন্ত্রী ড০ জিতেন্দ্র সিঙৰ সম্বর্ধনা