অযোধ্যা উন্নয়ন কর্তৃপক্ষই ৰাম মন্দিৰৰ দান-বৰঙণি আত্মসাৎ গোচৰৰ অন্যতম অভিযুক্ত লবকুশ মিশ্ৰৰ এটা নিৰ্মাণৰত সম্পত্তিৰ ওপৰত এখন জাননী জাৰি কৰিছে।
আকাশবাণীৰ বাতৰি বিভাগক অযোধ্যা উন্নয়ন কৰ্তৃপক্ষৰ সম্পাদকে জনোৱা অনুসৰি ভৱন নিৰ্মাণৰ নীতি-নিয়ম উলংঘাৰ সন্দেহত এই জাননী জাৰি কৰা হৈছে।
এই সম্পত্তি তেওঁ পত্নী সুপ্রিয়া মিশ্ৰৰ নামত পঞ্জীয়ন কৰা হৈছে। সম্পাদকগৰাকীয়ে জনোৱা মতে কৰ্তৃপক্ষই এসপ্তাহৰ ভিতৰত এই জাননীৰ সঁহাৰি জনাবলৈ মালিক পক্ষক নিৰ্দেশ দিছে।