অপাৰেচন সিন্দূৰ পেহেলগাম আক্ৰমণৰ যথোচিত প্ৰত্যুত্তৰ আৰু ভাৰতীয় সেনাবাহিনীৰ বিৰত্বক সমগ্ৰ বিশ্বই প্ৰশংসা কৰিছে বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে প্রকাশ কৰে। শ্ৰী শ্বাহে অপাৰেচন সিন্দুৰৰ সফলতাৰ বাবে চৰকাৰৰ শক্তিশালী ৰাজনৈতিক ইচ্ছা, চোৰাংচোৱা সংস্থাৰ যথাৰ্থ তথ্য আৰু সেনাবাহিনীৰ সাহসক শলাগ লয়। নতুন দিল্লীত আয়োজিত সীমান্ত সুৰক্ষা বাহিনীৰ সন্মিলনত অংশগ্ৰহণ কৰি শ্ৰী শ্বাহে কয়, যে সীমান্ত সুৰক্ষা বাহিনী আৰু সশস্ত্র বাহিনীসমূহে সাহসেৰে পাকিস্তানৰ বিৰুদ্ধে আক্ৰমণ কৰি ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ সামৰ্থক প্ৰতিপন্ন কৰে।
Assamese | May 23, 2025 3:25 PM | Amit sah | HM India | operation sindoor | pahalgam
অপাৰেচন সিন্দূৰ পেহেলগাম আক্ৰমণৰ যথোচিত প্ৰত্যুত্তৰ আৰু ভাৰতীয় সেনাবাহিনীৰ বিৰত্বক সমগ্ৰ বিশ্বই প্ৰশংসা কৰিছেঃ গৃহমন্ত্রী