● ৰাজ্যিক সামগ্ৰী আৰু সেৱা কৰ সঞ্চালকালয়ৰ অতিৰিক্ত কৰ আয়ুক্ত ছাকিল ছাদুল্লাক বিশেষ ন্যায়াধীশৰ আদালতে দুদিনৰ বাবে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ জিম্মালৈ প্ৰেৰণ কৰিছে। আয়তকৈ অধিক সম্পত্তি অৰ্জনৰ গোচৰত যোৱা বুধবাৰে মুখ্যমন্ত্ৰী তদাৰকী কোষে অতিৰিক্ত কৰ আয়ুক্তগৰাকীক গ্ৰেপ্তাৰ কৰিছিল। তদাৰকী কোষে কালি তেওঁক বিশেষ ন্যায়াধীশ আদালতত হাজিৰ কৰোৱাই অধিক সোধাপোছাৰ বাবে জিম্মাত বিচৰাত অভিযুক্ত ছাদুল্লাক দুদিনৰ বাবে তদাৰকী কোষৰ জিম্মালৈ প্ৰেৰণ কৰা হয় ৷
Assamese | August 29, 2025 1:39 PM | Akashvani | Akashvani Guwahati | CM Vigilance Cell
অতিৰিক্ত কৰ আয়ুক্ত ছাকিল ছাদুল্লাক বিশেষ ন্যায়াধীশৰ আদালতে দুদিনৰ বাবে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ জিম্মালৈ প্ৰেৰণ