অখিল ভাৰতীয় বিদ্যার্থী পৰিষদৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে সকলো শিক্ষার্থী তথা কর্মচাৰীসকললৈ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বার্তাত শ্রী শ্বাহে কয়, যে স্বামী বিবেকানন্দৰ আদৰ্শৰে অনুপ্রাণিত হৈ এই সংস্থাই ছাত্র শক্তিক সংগঠিত কৰি যুৱচামৰ মাজত দেশপ্ৰেমৰ ভাৱনা জগাই তুলিছে। তেওঁ কয়, যে কোনো জৰুৰীকালীন সময়তে হওঁক বা উত্তৰ-পূৰ্বাঞ্চলৰ অনুপ্ৰৱেশৰ সমস্যাই হওঁক, বিদ্যার্থী পৰিষদে ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিবলৈ সদায় যুবচামক উৎসাহিত কৰি আহিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সামাজিক মাধ্যমৰ এটা বার্তাত কয়, যে ৰাষ্ট্র প্রথম ধাৰণাৰে অখিল ভাৰতীয় বিদ্যার্থী পৰিষদে শিক্ষার্থীসকলক ৰাষ্ট্ৰৰ সেৱা, নেতৃত্ব আৰু সামাজিক দায়বদ্ধতাৰ দিশত দশকজুৰি অনুপ্রাণিত কৰি আহিছে। এই সংস্থাই জাতীয়তাবাদী ধাৰণা, ভাৰতীয় সংস্কৃতি, ৰাষ্ট্ৰীয় একতা আৰু সামাজিক চেতনা শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলি শ্রী সিঙে উল্লেখ কৰে।
Assamese | July 9, 2026 2:25 PM | ABVP Council
অখিল ভাৰতীয় বিদ্যার্থী পৰিষদৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে কেন্দ্রীয় গৃহমন্ত্রী, প্ৰতিৰক্ষা মন্ত্ৰীৰ শুভেচ্ছা