ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে জৰায়ু মুখৰ কৰ্কট ৰোগৰ এইচ পি ভি প্রতিষেধক প্ৰদানৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্রগতি লাভ কৰিছে। ৰাজ্যত এতিয়ালৈকে ৩ লাখতকৈও অধিক কিশোৰীক এই প্রতিষেধক প্ৰদান কৰা হৈছে আৰু নিৰ্ধাৰিত লক্ষ্যৰ প্ৰায় ৯৩ শতাংশ সামৰি লোৱা হৈছে। ৰাজ্যৰ মুঠ ৩ লাখ ২৭ হাজাৰ কিশোৰীক এইচ পি ভি প্রতিষেধক প্ৰদানৰ লক্ষ্য লোৱা হৈছে।
এইচ পি ভি প্রতিষেধক প্রদান অভিযান আৰু নিয়মীয়া টীকাকৰণ সন্দৰ্ভত কালি গুৱাহাটীত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ দুদিনীয়া পৰ্যালোচনা আৰু প্ৰশিক্ষণ সভাত স্বাস্থ্য বিভাগৰ বিষয়াসকলে এই তথ্য প্ৰকাশ কৰে। এই সভাত অভিযানৰ অগ্ৰগতি আৰু ৰূপায়ণৰ ক্ষেত্ৰত দেখা দিয়া বিভিন্ন প্ৰত্যাহ্বানৰ বিষয়ে পর্যালোচনা কৰা হয়। সভাত ৰাজ্যৰ ৩৫ খন জিলাৰ জিলা পৰ্যায়ৰ বিষয়া আৰু স্বাস্থ্যকৰ্মীৰ দলে অংশগ্ৰহণ কৰে।
অনুষ্ঠানত টীকাকৰণ অভিযানত উৎকৃষ্ট প্রদর্শন আগবঢ়োৱা জিলাসমূহৰ লগতে আগশাৰীৰ স্বাস্থ্য কর্মী বিশেষকৈ আশাকৰ্মী আৰু এ এন এমসকলক সম্বর্ধনা জনোৱা হয় ৷
সভাত ভাষণ দি স্বাস্থ্যমন্ত্রী অশোক সিংহলে প্ৰতিগৰাকী যোগ্য হিতাধিকাৰীক টীকাকৰণৰ আওঁতালৈ অনাৰ বাবে ৰাজ্য আৰু জিলা পৰ্যায়ৰ স্বাস্থ্য দলসমূহৰ মাজত সমন্বিত আৰু শক্তিশালী প্ৰচেষ্টাৰ পোষকতা কৰে। টীকাকৰণৰ পৰিসৰ অধিক বৃদ্ধি কৰাৰ বাবে সমন্বিত পদক্ষেপ ল’বলৈও মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়।