আজি বিশ্ব ধ্যান দিৱস। জনসাধাৰণৰ শান্তি আৰু কল্যানেৰে মানসিক উৎকৰ্ষ সাধনৰ লগতে সুস্বাস্থ্য বজাই ৰখাৰ প্ৰতি উৎসাহিত কৰাৰ লক্ষ্যৰে সমগ্ৰ বিশ্বতে প্ৰথমবাৰৰ বাবে এই দিৱস পালন কৰা হৈছে। ধ্যানৰ জৰিয়তে মানসিক চাপ, হিংসা, সামাজিক অসন্তুষ্টি আদিকে ধৰি সাম্প্ৰতিক সময়ত বিশ্বজুৰি থকা বিভিন্ন প্ৰত্যাহ্বানসমূহৰ সমাধান কৰিব পৰা যায় বুলি ভবা হয়। শেহতীয়াকৈ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ভাৰতৰ সহযোগত আজিৰ দিনটো বিশ্ব ধ্যান দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত সর্ব সন্মতিক্রমে গ্ৰহণ কৰে। এই দিৱস উপলক্ষ্যে আজি ভাৰতৰ স্থায়ী মিছনে নিউইয়র্কত থকা ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত এটা অনুষ্ঠানৰ আয়োজন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব ধ্যান দিৱস উপলক্ষে দেশবাসীক ধ্যানক জীৱনৰ এটা অংশ কৰি ল‘বলৈ আহ্বান জনায়। শ্রীমোদীয়ে কয় যে যিকোনো এগৰাকী ব্যক্তিৰ জীৱনৰ লগতে আমাৰ সমাজ তথা সমগ্ৰ বিশ্বৰ বাবে শান্তি আৰু কল্যানৰ বাট মুকলি কৰাৰ ক্ষেত্ৰত ধ্যান হৈছে এটা শক্তিশালী পথ। বিজ্ঞান প্ৰযুক্তিৰ এই যুগত দৈনন্দিন জীৱনত ধ্যানে বহু সহায় কৰিব পাৰে বুলি প্ৰধানমন্ত্ৰীয়ে লগতে প্ৰকাশ কৰে।
Assamese | December 21, 2024 6:42 PM | world meditation day
সমগ্ৰ বিশ্বতে আজি বিশ্ব ধ্যান দিৱস পালন