ভাৰতৰ এন শ্রীৰাম বালাজীয়ে উইম্বলডন টেনিচ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। বালাজী আৰু মেক্সিক’ৰ মিণ্ডবেল ৰেয়েছ-ববেলাই কালি লগুনত অনুষ্ঠিত প্রতিযোগিতাৰ প্ৰথম ৰাউণ্ডৰ এখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ লার্নাৰ টিয়েন আৰু আলেকজেণ্ডাৰ ক’ভাছেভিকক ৬-৪, ৬-৪ পোনপটীয়া ছেটত পৰাস্ত কৰে। বালাজী আৰু মিণ্ডবেলৰ যুটিটো পৰৱৰ্তী ৰাউণ্ডত ষষ্ঠ বাছনিপ্রাপ্ত স্পেইনৰ মাৰ্ছেল গ্রেণ’লছ আৰু আর্জেন্টিনাৰ হোৰাশ্বিঅ’ জেবাল’হৰ সন্মুখীন হ’ব। বুধবাৰে যুকি ভাত্ত্বি আৰু ৰিত্বিক বলিপলৰ যুটিটোও নিজৰ প্ৰাৰম্ভিক পৰ্যায়ৰ খেলত জয়ী হৈছিল। অৱশ্যে ৰোহন বোপন্নাই প্রতিযোগিতাৰ প্ৰথম ৰাউণ্ডৰ পৰা বিদায় লৈছিল।
Assamese | July 4, 2025 12:17 PM | wimboldan
শ্রীৰাম বালাজীয়ে উইম্বলডন টেনিচ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ