ৰাজ্যৰ জলসম্পদ আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি নগাঁও জিলাৰ ৰহাৰ বগলাজান, বাহাকাবাৰী আৰু নিজ নাৰিকলি গাঁৱত কপিলি নৈ খহনীয়া পৰিদৰ্শন কৰে। এই স্থানকেইটা পৰিদৰ্শন কৰি প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়াসকলক নির্দেশ দিয়ে। তদুপৰি তেওঁ স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰি জনসাধাৰণে সন্মুখীন হোৱা সমস্যাসমূহ সমাধান কৰাৰ আশ্বাস প্ৰদান কৰে। এই পৰিদৰ্শন কালত বিধায়ক জিতু গোস্বামী, শশীকান্ত দাসকে ধৰি লোক নিৰ্মাণ আৰু জলসম্পদ বিভাগৰ বিষয়াসকল উপস্থিত থাকে।
Assamese | June 14, 2024 6:41 PM | Assam | Assam Minister | Nagaon | Pijush Hazarika
ৰহাৰ বগলাজান, বাহাকাবাৰী আৰু নিজ নাৰিকলি গাঁৱত কপিলি নৈৰ খহনীয়া পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ