উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে গণতন্ত্ৰৰ তিনিটা স্তম্ভ ন্যায়পালিকা, বিধানসভা আৰু কাৰ্যবাহী কৰ্তৃপক্ষৰ মাজত সমতা বজাই ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে। দুদিনীয়া ভ্রমণসূচীৰে বৰ্তমান কেৰালাত থকা উপৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে প্ৰতিটো প্ৰতিষ্ঠানেই নিজৰ নিজৰ কাৰ্যক্ষেত্ৰত সৰ্বোত্তম আৰু আন কাৰ্যক্ষেত্ৰৰ ইয়াত কৰিব পৰা প্ৰৱেশে গণতন্ত্ৰৰ প্ৰতি প্ৰৱল ভাবুকি আনিব পাৰে। কেৰালাৰ কোচ্চিস্থিত ৰাষ্ট্ৰীয় আইন উন্নত অধ্যয়ন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে আজি হোৱা এটা মুখামুখি অনুষ্ঠানত উপৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতে শান্তি আৰু সম্প্ৰীতিপূর্ণ পৃথিৱী এখন গঢ় দিয়াত গুৰুত্ব প্ৰদান কৰিব লাগিব বুলি মন্তব্য কৰে।
Assamese | July 7, 2025 8:30 PM | Vice President
গণতন্ত্ৰৰ তিনিটা স্তম্ভৰ মাজত সমতা বজাই ৰখাৰ প্ৰয়োজনীয়তাত গুৰুত্ব প্ৰদান উপৰাষ্ট্ৰপতিৰ