উত্তৰাখণ্ডত কালি সন্ধিয়া সোণপ্রয়াগ-মুংকটীয়া অঞ্চলৰ ভূমিস্খলন প্ৰৱণ এলেকাত পাহাৰৰ পৰা বাগৰি অহা শিলৰ খুন্দাত এগৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আন দুগৰাকী লোক আহত হয়। আহত লোক দুগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে। তেওঁ কয় যে ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ দল ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হয়। উদ্ধাৰ অভিযান এতিয়াও চলি আছে আৰু চৰকাৰে সম্ভৱপৰ সকলো সহায় আগবঢ়াইছে বুলি তেওঁ উল্লেখ কৰে ৷
Assamese | September 10, 2024 1:06 PM | Uttarakhand
উত্তৰাখণ্ডত শিলৰ খুন্দাত এগৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আন দুগৰাকী লোক আহত