July 14, 2026 12:46 PM | UNSC Election

printer

UNSCৰ অস্থায়ী সদস্য নিৰ্বাচনৰ ২০২৮-২৯ বৰ্ষৰ কাৰ্যকালৰ বাবে ভাৰতৰ নির্বাচনী প্ৰচাৰ আনুষ্ঠানিকভাৱে আৰম্ভ

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ-UNSCৰ অস্থায়ী সদস্য নিৰ্বাচনৰ ২০২৮-২৯ বৰ্ষৰ কাৰ্যকালৰ বাবে ভাৰতে নির্বাচনী প্ৰচাৰ আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছে। নিউয়ৰ্কস্থিত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত ভাৰতৰ প্ৰাৰ্থিত্ব মুকলি কৰি বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰে কয় যে বিশ্বই ক্রমবর্ধমান সংঘাত আৰু অস্থিৰতাৰ সন্মুখীন হৈছে, যাৰ ফলত ৰাষ্ট্ৰসংঘৰ ভূমিকা পূৰ্বতকৈ অধিক বৃদ্ধি পাইছে। সামগ্রিক উন্নতি সুৰক্ষিত কৰা তথা বিশ্ব শান্তি, নিৰাপত্তা আৰু সমতাপূর্ণ উন্নয়নৰ প্ৰসাৰৰ বাবে দেশৰ পথ প্রদর্শক হিচাপে ড° জয়শংকৰে ভাৰতৰ শান্তি দৃষ্টিভংগী উন্মোচন কৰে।

ড০ জয়শংকৰে কয় যে সংস্থাটোৰ আৰম্ভণিৰ পৰাই ভাৰতে প্রায় ৰাষ্ট্ৰসংঘৰ ৫০টা শান্তিৰক্ষা অভিযানত প্রায় তিনি লাখ জোৱানৰ অৱদান আগবঢ়াইছে আৰু বৰ্তমান ৪৩০০ৰো অধিক জোৱানে ৰাষ্ট্ৰসংঘৰ ১০টা শান্তিৰক্ষা অভিযানত সেৱা আগবঢ়াই আছে। তেওঁ কয় যে ভাৰতে ধাৰাবাহিকভাৱে আলোচনা আৰু কূটনীতিৰ পোষকতা কৰি আহিছে। ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰৰ সমৰ্থন বিচাৰি ড০ জয়শংকৰে কয় যে নিৰাপত্তা পৰিষদত ভাৰতৰ উপস্থিতিয়ে গুৰুত্বপূৰ্ণ সংস্থাটোত সিদ্ধান্ত গ্রহণক শক্তিশালী কৰাত সহায় কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।