এল নিনোৰ বাবে মৌচুমী বতাহৰ ফলত এইবাৰ স্বাভাৱিকতকৈ কম বৰষুণৰ পৰিপ্ৰেক্ষিতত পৰিব পৰা বিৰূপ প্ৰভাৱৰ সন্মুখীন হোৱাৰ বাবে কৃষকসকলক সহায় কৰাৰ উদ্দেশ্যে চৰকাৰে আগতীয়া ব্যৱস্থা গ্ৰহণ কৰিছে বুলি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যান মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰকাশ কৰিছে।
নতুন দিল্লীত আজি এখন সংবাদ মেলত শ্রীচৌহানে কয় যে, দেশত বৰ্তমানলৈকে স্বাভাৱিকতকৈ প্ৰায় ৪৩ শতাংশ ঘাটি বৰষুণ হৈছে আৰু এইবেলি জুলাইতো মৌচুমী বতাহৰ প্ৰভাৱ কম হোৱাৰ সম্ভাৱনা আছে। তেওঁ কয় যে এইবেলি স্বাভাৱিকতকৈ কম বৰষুণৰ ফলত দেশৰ প্ৰায় ৩১৫ খন জিলা প্ৰভাৱিত হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ভিতৰত সীমিত জলসিঞ্চন ব্যৱস্থা থকা ১১১ খন উচ্চ অগ্ৰাধিকাৰপ্ৰাপ্ত জিলা আছে।
শ্রীচৌহানে কয় যে ৰাজ্যসমূহক কম পানীৰ প্ৰয়োজন হোৱা দাইল, গোটাদানাযুক্ত আৰু তৈল বীজৰ দৰে শস্য প্ৰসাৰত গুৰুত্ব আৰোপ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। খেতিয়কসকলক সময়মতে পথ প্ৰদৰ্শন কৰাৰ বাবে কৃষি বিজ্ঞান কেন্দ্ৰ, কৃষি বতৰ বিজ্ঞান গোট আৰু এছ এম এছ, ৱাটছএপ, কলচেণ্টাৰ, ৰেডিঅ’, টিলিভিছন আৰু সামাজিক মাধ্যমৰ দৰে অন্য পৰামৰ্শ মাধ্যমসূহ ব্যৱহাৰ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্ৰীচৌহানে কয় যে বাস্তৱিক সময় ভিত্তিক তথ্য আৰু দিহা পৰামৰ্শৰ পৰ্যালোচনা কৰাৰ বাবে দিল্লীত নিৰীক্ষণ কোষ আৰু বতৰ পৰ্যবেক্ষণ গোট স্থাপন কৰা হৈছে।
শ্রীচৌহানে কয় যে পশুধনৰ বাবে খাদ্যৰ উপলভ্যতা, ফচল বীমাৰ ব্যাপক সম্প্ৰসাৰণ আৰু খেতিয়কৰ বাবে কিষাণ ক্রেডিট কাৰ্ডৰ দ্ৰুত বিতৰণত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। তেওঁ কয় যে এই পদক্ষেপসমূহে পৰ্যাপ্ত বৰষুণ নোহোৱাৰ ফলত শস্যৰ ক্ষতি হলে লোকচান হ্ৰাস কৰাত সহায় কৰিব।