- সভ্যতাজনিত ঐতিহ্য আধাৰিত অত্যাধুনিক প্ৰগতিৰ বাট মোকলাব পৰা এখন সমাজ গঢ়ি তোলাটো চৰকাৰৰ উদ্দেশ্য বুলি কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে মন্তব্য কৰিছে।
- নতুন দিল্লীত কালি চি ডি দেশমুখ বক্তৃতা প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কয় যে উপভোক্তাবাদৰ বলি নোহোৱাকৈ সমৃদ্ধিশালী, ভৌতিকতাবাদৰ বলি নোহোৱাকৈ ধনাঢ্য আৰু নিজৰ সভ্যতাজনিত বৈশিষ্ট্য নেহেৰুৱাকৈ গোলকীয় পৰ্যায়ত সফল হ‘বলৈ ওলোৱাটো ভাৰতৰ বাবে সৌভাগ্যৰ কথা।
- সমৃদ্ধিক বিশ্বাসযোগ্যতাৰ সৈতে, উদ্যমক দায়বদ্ধতাৰ সৈতে উদ্ভাৱনক সভ্যতাজনিত জ্ঞানৰ সৈতে, গোলকীয় নেতৃত্বক সাংস্কৃতিক শিপাৰ সৈতে, পৰিবেশ সংৰক্ষণৰ বিষয়ক অৰ্থনৈতিক প্ৰগতিৰ সৈতে আৰু ব্যক্তিগত সাফল্যক সমূহীয়া কল্যাণৰ সৈতে সংযুক্ত কৰা এখন উন্নত ৰাষ্ট্ৰ গঢ়ি তোলাটো ভাৰতৰ মূল লক্ষ্য বুলি স্ৰীমতী সীতাৰমনে মত্যু কৰে।
Assamese | August 7, 2026 12:03 PM | Union Finance Minister Nirmala Sitharaman
সভ্যতাজনিত ঐতিহ্য আধাৰিত অত্যাধুনিক প্ৰগতিৰ বাট মোকলাব পৰা এখন সমাজ গঢ়ি তোলাটো চৰকাৰৰ উদ্দেশ্যঃ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন