ধেমাজি জিলাৰ জোনাইৰ সীমান্তৱৰ্তী স্থানসমূহত আজি পুৱা ৫ বজাৰ পৰা মিচিং জনগোষ্ঠীয় ছাত্র সংগঠন – টি এম পি কেই অনিৰ্দিষ্টকালীন পথ অৱৰোধ আৰু অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিছে।
জিলাখনৰ গোগামুখৰ অসম-অৰুণাচল সীমান্তৱৰ্তী মিংমাং বদতিত সোমবাৰে অৰুণাচলৰ দুৰ্বৃত্তই সীমান্তৱৰ্তী লোকলৈ লক্ষ্য কৰি সংঘটিত কৰা গুলীচালনাৰ ঘটনাৰ বিৰুদ্ধে এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। প্ৰতিবাদকাৰীসকলে সীমান্তৱৰ্তী অসমৰ লোকসকলৰ নিৰাপত্তা নিশ্চিত কৰা আৰু গুলীচালনাৰ ঘটনাত জড়িতসকলক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি বিহাৰ লগতে ভুক্তভোগীসকলক ন্যায় দিয়াৰ দাবী উত্থাপন কৰিছে।
উল্লেখযোগ্য যে যোৱা ১০ আগষ্টত অঞ্চলটোত সংঘটিত গুলী চালনাৰ ঘটনাক লৈ সীমান্তৱৰ্তী অঞ্চলত উত্তেজনাৰ সৃষ্টি হৈছিল। এই ঘটনাত আহত ৪ জন যুৱক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে।
মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি এই লোককেইজনৰ স্বাস্থ্যৰ বুজ লয়। ইপিনে, বিবদমান অঞ্চলটোত সৃষ্টি হোৱা এই পৰিস্থিতি সাময়িক আৰু সম্প্ৰতি নিয়ন্ত্ৰণত আছে বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই প্ৰকাশ কৰিছে।