August 12, 2026 12:12 PM
1
ধেমাজিৰ জোনাইৰ সীমান্তৱৰ্তী অঞ্চলসমূহত পুৱা ৫ বজাৰ পৰা মিচিং জনগোষ্ঠীয় ছাত্র সংগঠনৰ পথ অৱৰোধ
ধেমাজি জিলাৰ জোনাইৰ সীমান্তৱৰ্তী স্থানসমূহত আজি পুৱা ৫ বজাৰ পৰা মিচিং জনগোষ্ঠীয় ছাত্র সংগঠন – টি এম পি কেই অনিৰ্দিষ্টকালীন পথ অৱৰোধ আৰু অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিছে। জিলাখনৰ গোগামুখৰ অসম-অৰুণাচল সীমান্তৱৰ্তী মিংমাং বদতিত সোমবাৰে অৰুণাচলৰ দুৰ্বৃত্তই সীমান্তৱৰ্তী লোকলৈ লক্ষ্য কৰি সংঘটিত কৰা গুলীচালনাৰ ঘটনাৰ বিৰুদ্ধে এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। প্ৰতিবাদকাৰীসকলে সীমান্তৱৰ্তী অসমৰ লোকসকলৰ নিৰাপত্তা নিশ্চিত কৰা আৰু গুলীচালনাৰ ঘটনাত জড়িতসকলক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি বিহাৰ লগতে...