নতুন দিল্লীত ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ মুখ্য ন্যায়াধীশসকলৰ মঞ্চৰ সন্মিলন

নতুন দিল্লীত কালিৰে পৰা ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ মুখ্য ন্যায়াধীশসকলৰ মঞ্চৰ সন্মিলন অনুষ্ঠিত হৈছে। এই সন্মিলনত ব্ৰিকছৰ সদস্য-ৰাষ্ট্ৰসমূহৰ লগতে সহযোগী দেশসমূহৰ পৰাও মুখ্য ন্যায়াধীশ, সৰ্বোচ্চ ন্যায়ালয়ৰ অধ্যক্ষ আৰু ন্যায়িক খণ্ডৰ জ্যেষ্ঠ প্রতিনিধিসকলে অংশগ্ৰহণ কৰিছে।

ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ আতিথ্যৰে আয়োজিত এই সন্মিলনৰ কালিৰ প্ৰথমটো দিনত ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তে ৰাছিয়া, চীন, ইজিপ্ত, ইণ্ডোনেছিয়া, সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰ, বেলাৰুচ, কাজাখস্তান, দক্ষিণ আফ্ৰিকা, ইৰান আৰু উজবেকিস্তানৰ ন্যায়িক প্ৰতিনিধি দলৰ মুৰববীসকলৰ সৈতে সুকীয়াকৈ দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰে। এনে বৈঠকত সংশ্লিষ্ট দেশসমূহৰ সৈতে পাৰস্পৰিক স্বার্থজড়িত ন্যায়িক বিষয়সমূহক লৈ প্ৰত্যক্ষ মত বিনিময় তথা আলোচনা হোৱাৰ লগতে এই দ্বিপাক্ষিক বৈঠকসমূহে অংশগ্ৰহণকাৰী দেশসমূহৰ ন্যায়পালিকাৰ মাজত সম্পর্ক তথা সহযোগিতা অধিক শক্তিশালী কৰি তুলিব বুলি আশা কৰা হৈছে।

উল্লেখযোগ্য যে তিনিদিনীয়াকৈ আয়োজিত এই সন্মিলনে অংশগ্ৰহণকাৰী ন্যায়পালিকাসমূহক ন্যায় প্রদান, আন্তঃৰাষ্ট্ৰীয় সমস্যাৰ সমাধান, প্রযুক্তি তথা দীর্ঘস্থায়ী উন্নয়ন আদিৰ লেখিয়া সাম্প্ৰতিক বিষয়সমূহক লৈ আলোচনা কৰাৰ সুবিধা প্ৰদান কৰাৰ লগতে ন্যায়িক খণ্ডৰ নেতৃস্থানীয় ব্যক্তিসকলৰ মাজত ভিন ভিন বিষয়ক লৈ পাৰস্পৰিক মত-বিনিময়ৰ পথ প্ৰশস্ত কৰিব।