September 5, 2026 10:15 AM

views 27

নতুন দিল্লীত ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ মুখ্য ন্যায়াধীশসকলৰ মঞ্চৰ সন্মিলন

নতুন দিল্লীত কালিৰে পৰা ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ মুখ্য ন্যায়াধীশসকলৰ মঞ্চৰ সন্মিলন অনুষ্ঠিত হৈছে। এই সন্মিলনত ব্ৰিকছৰ সদস্য-ৰাষ্ট্ৰসমূহৰ লগতে সহযোগী দেশসমূহৰ পৰাও মুখ্য ন্যায়াধীশ, সৰ্বোচ্চ ন্যায়ালয়ৰ অধ্যক্ষ আৰু ন্যায়িক খণ্ডৰ জ্যেষ্ঠ প্রতিনিধিসকলে অংশগ্ৰহণ কৰিছে। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ আতিথ্যৰে আয়োজিত এই সন্মিলনৰ কালিৰ প্ৰথমটো দিনত ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তে ৰাছিয়া, চীন, ইজিপ্ত, ইণ্ডোনেছিয়া, সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰ, বেলাৰুচ, কাজাখস্তান, দক্ষিণ আফ্ৰিকা, ইৰান আৰু উজবেকিস্তানৰ ন্যা...