তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ দ্বাবিংশ সমাৱৰ্তন উৎসৱ কাইলৈ অনুষ্ঠিত হ’ব। বিশ্ববিদ্যালয়ৰ কেন্দ্ৰীয় বিদ্যালয় পৰিসৰত দিনৰ ১০ বজাৰ পৰা হ’বলগীয়া এই সমাৱৰ্তনত বিশ্ববিদ্যালয় মঞ্জুৰী আয়োগৰ অধ্যক্ষ, অধ্যাপক এম জগদেশ কুমাৰে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। ৰাজ্যপাল তথা বিশ্ববিদ্যালয়ৰ আচার্য লক্ষ্মণ প্রসাদ আচাৰ্যৰ সভাপতিত্বত হ’বলগীয়া এই সমাৱৰ্তনত বিশ্ববিদ্যালয়ৰ পৰা ডিপ্ল’মা লাভ কৰা ১৪ গৰাকী, স্নাতক ডিগ্ৰী লাভ কৰা ৪২৮ গৰাকী, স্নাতকোত্তৰ ডিগ্রী লাভ কৰা ৭৩৯ গৰাকী আৰু পি এইচ ডি ডিগ্ৰী লাভ কৰা ১৩১ গৰাকী শিক্ষাৰ্থীক আনুষ্ঠানিকভাৱে ডিগ্ৰী প্ৰদান কৰা হ’ব। ইয়াৰ লগতে বিভিন্ন পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰা ৪৯ গৰাকী শিক্ষাৰ্থীক সোণৰ পদকেৰে সন্মানিত কৰা হ’ব।
Assamese | December 26, 2024 8:10 PM | Tezpur Universtiy
কাইলৈ তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ দ্বাবিংশ সমাৱৰ্তন উৎসৱ