শিৱসাগৰ টেনিছ ক্লাবৰ উদ্যোগত অনুষ্ঠিত শিৱসাগৰ মুকলি টেনিছ প্রতিযোগিতাত আৰাইনা টি আহমেদ আৰু নিব্ৰাজ কে হুছেইনে খিতাপ অর্জন কৰিছে। ছোৱালীৰ ১২ আৰু ১৪ বছৰ অনুৰ্দ্ধৰ ফাইনেলত শিৱসাগৰৰ আৰাইনাই গোলাঘাটৰ দিবান্ধতী তামুলীক হৰুৱাই খিতাপ দখল কৰে। ১৪ বছৰ অনুৰ্ধৰ ছিংগলছৰ ফাইনেলত শিৱসাগৰৰ নিৱাছে গুৱাহাটীৰ চন্দ্ৰশেখৰ মোহান্তিক পৰাস্ত কৰি খিতাপ দখল কৰে। ১৪ বছৰ অনুৰ্ধৰ ডাবলছৰ ফাইনেলত নিব্ৰাছে চন্দ্ৰশেখৰৰ সৈতে যুটী বান্ধি শিৱসাগৰৰ ৰিয়ানজ্যোতি দত্ত আৰু অনয় শৰ্মাক পৰাস্ত কৰে ৷ ছোৱালীৰ ১৮ বছৰ অনুৰ্ধৰ শিতানত গোলাঘাটৰ নাবিহা মাৰিয়মে শিৱসাগৰৰ আদ্রিকা ৰাজকুমাৰীক আৰু ল’ৰাৰ শাখাত গুৱাহাটীৰ আৰুছ দাসে নুমলীগড়ৰ ৰেইনার্ড পি বি কাশ্যপক হৰুৱাই খিতাপ হস্তগত কৰে। পুৰুষৰ ডবল্ ফাইনেলত অইল ইণ্ডিয়াৰ উদিত গগৈ আৰু ইফতিকাৰ শ্বেখে এন এফ ৰেলৱেৰ টুটু থাপা আৰু সুধান্ত মোহান্তিৰ যুটিক পৰাস্ত কৰে। ইফালে, ভেটাৰেনৰ ৪০ বছৰ উৰ্দ্ধৰ ডাবল্ছত জাকিৰ বৰাই দিলীপ মোহান্তিৰ সৈতে আৰু ৫০ বছৰ উৰ্দ্ধত জাকিৰে হাবিব আলীৰ সৈতে যুটী বান্ধি খিতাপ হস্তগত কৰে।
Assamese | December 31, 2024 1:39 PM | Tennis
শিৱসাগৰ মুকলি টেনিছ প্রতিযোগিতাত আৰাইনা টি আহমেদ আৰু নিব্ৰাজ কে হুছেইনে খিতাপ অর্জন