স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ প্ৰাৰ্থীসকলে ১৩ নৱেম্বৰত নিযুক্তি পত্ৰ লাভ কৰিব। ৰাজ্য চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ে এখন জাননীৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে। জাননীখনত উল্লেখ কৰা অনুসৰি ১৩ নৱেম্বৰত খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেল পথাৰত আয়োজিত এটা অনুষ্ঠানত প্ৰাৰ্থীসকলক নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব। শিক্ষক পদৰ প্ৰাৰ্থীসকলক নিজৰ পৰিচয় পত্ৰসহ এই অনুষ্ঠানত উপস্থিত থাকিবলৈ মাধ্যমিক শিক্ষা সঞ্চালকালয়ে আহ্বান জনাইছে।
Assamese | November 11, 2025 11:58 AM | Teacher Appointment Assam Govt.
অহা ১৩ নৱেম্বৰত ৰাজ্যৰ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ প্ৰাৰ্থীসকলক নিযুক্তি-পত্ৰ প্ৰদান অনুষ্ঠান