November 11, 2025 11:58 AM

views 46

অহা ১৩ নৱেম্বৰত ৰাজ্যৰ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ প্ৰাৰ্থীসকলক নিযুক্তি-পত্ৰ প্ৰদান অনুষ্ঠান

স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ প্ৰাৰ্থীসকলে ১৩ নৱেম্বৰত নিযুক্তি পত্ৰ লাভ কৰিব। ৰাজ্য চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ে এখন জাননীৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে। জাননীখনত উল্লেখ কৰা অনুসৰি ১৩ নৱেম্বৰত খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেল পথাৰত আয়োজিত এটা অনুষ্ঠানত প্ৰাৰ্থীসকলক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। শিক্ষক পদৰ প্ৰাৰ্থীসকলক নিজৰ পৰিচয় পত্ৰসহ এই অনুষ্ঠানত উপস্থিত থাকিবলৈ মাধ্যমিক শিক্ষা সঞ্চালকালয়ে আহ্বান জনাইছে।

November 9, 2025 6:35 PM

views 64

ৰাজ্য চৰকাৰে স্বচ্ছতাৰ ভিত্তিত নিযুক্তি প্রক্রিয়া গ্ৰহণ কৰাৰ ফলত বর্তমান যুৱক-যুৱতীসকলৰ মাজত নতুন প্ৰেৰণাৰ সৃষ্টি হৈছেঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ৰাজ্য চৰকাৰে স্বচ্ছতাৰ ভিত্তিত নিযুক্তি প্রক্রিয়া গ্ৰহণ কৰাৰ ফলত বর্তমান যুৱক-যুৱতীসকলৰ মাজত নতুন প্ৰেৰণাৰ সৃষ্টি হৈছে। মুখ্যমন্ত্রী ড০ শর্মাই আজি গুৱাহাটীৰ খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত এটা অনুষ্ঠানত প্রাথমিক শিক্ষক পদৰ বাবে বাচনিকৃত ৰাজ্যৰ ৫৫৫০ গৰাকী টেট উত্তীর্ণ প্রার্থীক নিযুক্তিপত্র প্রদান কৰি ভাষণ প্ৰসঙ্গত এই কথা প্রকাশ কৰে। আজি নিম্ন প্রাথমিক বিদ্যালয়ৰ ৩,৮০০ গৰাকী আৰু উচ্চ প্রাথমিক বিদ্যালয়ৰ ১৭৫০ গৰাকী প্ৰাৰ্থীক ন...

November 9, 2025 11:15 AM

views 61

খানাপাৰাত প্রাথমিক শিক্ষক পদৰ বাবে বাচনিকৃত ৰাজ্যৰ ৫৫৫০ গৰাকী টেট উত্তীর্ণ প্রার্থীক মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই নিযুক্তিপত্র প্রদান কৰিব

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত এটা অনুষ্ঠানত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেণ্ডৰ উপস্থিতিত প্রাথমিক শিক্ষক পদৰ বাবে বাচনিকৃত ৰাজ্যৰ ৫৫৫০ গৰাকী টেট উত্তীর্ণ প্রার্থীক নিযুক্তিপত্র প্রদান কৰিব। ইয়াৰে ভিতৰত নিম্ন প্রাথমিক বিদ্যালয়ৰ ৩,৮০০ গৰাকী আৰু উচ্চ প্রাথমিক বিদ্যালয়ৰ ১৭৫০ গৰাকী প্ৰাৰ্থীক নিযুক্তিপত্র বিতৰণ কৰা হ'ব। ইয়াকে লৈ ৰাজ্য চৰকাৰে নতুনকৈ নিযুক্তি দিয়া প্রার্থীৰ সংখ্যা এক লাখ ২৬,৭৯৩লৈ বৃদ্ধি পাব। আনহাতে স্নাতক আৰু স...

March 9, 2025 8:58 PM

views 60

শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ১২ গৰাকী সহকাৰী অধ্যাপকক নিযুক্তি পত্র প্রদান

শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি জনতা ভৱনত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ১২ গৰাকী সহকাৰী অধ্যাপকক নিযুক্তি পত্র প্রদান কৰে। ৰাজ্য চৰকাৰে স্বচ্ছ আৰু যোগ্য নিযুক্তিৰ দিশত শক্তিশালী পদক্ষেপ গ্ৰহণ কৰি নতুন প্ৰজন্মৰ মাজত আশাৰ বতৰা জগাইছে বুলি মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে। তেওঁ সকলো সহকাৰী অধ্যাপকলৈ ভৱিষ্যত শিক্ষক জীৱনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।