মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত এটা অনুষ্ঠানত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেণ্ডৰ উপস্থিতিত প্রাথমিক শিক্ষক পদৰ বাবে বাচনিকৃত ৰাজ্যৰ ৫৫৫০ গৰাকী টেট উত্তীর্ণ প্রার্থীক নিযুক্তিপত্র প্রদান কৰিব। ইয়াৰে ভিতৰত নিম্ন প্রাথমিক বিদ্যালয়ৰ ৩,৮০০ গৰাকী আৰু উচ্চ প্রাথমিক বিদ্যালয়ৰ ১৭৫০ গৰাকী প্ৰাৰ্থীক নিযুক্তিপত্র বিতৰণ কৰা হ’ব। ইয়াকে লৈ ৰাজ্য চৰকাৰে নতুনকৈ নিযুক্তি দিয়া প্রার্থীৰ সংখ্যা এক লাখ ২৬,৭৯৩লৈ বৃদ্ধি পাব। আনহাতে স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ বাবে বাচনি ভুক্ত ৭,৮৫০ গৰাকী প্ৰাৰ্থীক অহা ১৩ নৱেম্বৰত নিযুক্তি পত্র প্রদান কৰা হ’ব।
Assamese | November 9, 2025 11:15 AM | Teacher Appointment Assam Govt.
খানাপাৰাত প্রাথমিক শিক্ষক পদৰ বাবে বাচনিকৃত ৰাজ্যৰ ৫৫৫০ গৰাকী টেট উত্তীর্ণ প্রার্থীক মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই নিযুক্তিপত্র প্রদান কৰিব