তামুলপুৰ আৰক্ষীয়ে অভিযান চলাই ভাৰত-ভূটান সীমান্তৰ দৰঙা মেলাত অবৈধ পেট্ৰল ভর্তি সাতখন বাহন জব্দ কৰাৰ লগতে ৬ গৰাকী লোকক আটক কৰিছে। প্ৰতিখন বাহনতে অতিৰিক্ত তেলৰ টেংকী সংযোগ কৰি লৈ ৬০০ লিটাৰৰো অধিক পেট্ৰ‘ল ভূটানৰ পৰা আনিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে। উল্লেখযোগ্য যে, ভাৰত-ভূটান সীমান্তত একাংশ তেল মাফিয়াই ভূটানৰ পৰা অবৈধভাৱে ক্ৰয় কৰি আনি তামুলপুৰ জিলাৰ বিভিন্ন প্ৰান্তত বিক্ৰী কৰি চৰকাৰৰ ৰাজহ সংগ্ৰহত বৃহৎ ক্ষতি কৰি আহিছে। তামুলপুৰ আৰক্ষীয়ে এই ক্ষেত্ৰত অধিক গুৰুত্ব দি তেল মাফিয়াৰ চক্ৰটো উৎখাত কৰিবলৈ অভিযান অব্যাহত ৰাখিছে ।
Assamese | January 18, 2025 8:34 PM | Tamulpur
ভাৰত-ভূটান সীমান্তৰ দৰঙা মেলাত তামুলপুৰ আৰক্ষীৰ অবৈধ পেট্ৰল ভর্তি বাহন জব্দ