জনসাধাৰণৰ মাজত পথ সুৰক্ষা সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে আজি তামুলপুৰ জিলাৰ মটঙা চ’কত জিলা পথ সুৰক্ষা সমিতি আৰু তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত এটা পথ সুৰক্ষা সম্পৰ্কীয় কাৰ্যসূচী অনুষ্ঠিত হয়। ইয়াৰ দ্বাৰা দুচকীয়া বাহনৰ চালকসকলক হেলমেট পৰিধানৰ গুৰুত্বৰ বিষয়ে সজাগ কৰোৱা হয়। হেলমেট পৰিধান কৰা চালকসকলক জিলা প্ৰশাসনে একোটা ৰঙা গোলাপ ফুল আৰু কলম উপহাৰ দি ব্যতিক্রমী সজাগতা কার্যসূচী গ্ৰহণ কৰে। হেলমেট পৰিধান নকৰা চালকসকলক হেলমেট পৰিধান কৰাটো কিমান নিৰাপদ সেই বিষয়ে সজাগ কৰোৱাৰ উপৰি জৰিমনা বিহা হয়। এই কাৰ্যসূচীত জিলাখনৰ আয়ুক্ত, আৰক্ষী অধীক্ষকৰ লগতে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়ববীয়া উপস্থিত থাকে।
Assamese | November 13, 2024 8:11 PM | Tamulpur
তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত পথ সুৰক্ষা সম্পৰ্কীয় কাৰ্যসূচী অনুষ্ঠিত