September 14, 2024 8:26 PM | Tamulpur

printer

বিটিআৰত আজি ওড়িয়া জনগোষ্ঠীৰ নুৱাখাই ৰংমহল ভৱনৰ আধাৰশিলা স্থাপন

তামুলপুৰৰ নাগ্ৰিজুলি চাহ বাগিচাত আজি বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে ওড়িয়া জনগোষ্ঠীৰ নুৱাখাই ৰংমহল ভৱনৰ আধাৰশিলা স্থাপন কৰে। ওড়িয়া জনগোষ্ঠীয় কৃষ্টি চিহ্নৰে সজ্জিত হ‘বলগীয়া ভৱনটোৰ নিৰ্মাণকাৰ্য শুভাৰম্ভণি অনুষ্ঠানত আজি শ্ৰীবড়োক জনগোষ্ঠীটোৰ পাৰম্পৰিক ৰীতি- নীতিৰে আদৰণি জনোৱা হয়। অনুষ্ঠানটোত ওড়িয়া জনগোষ্ঠীৰ পৰম্পৰা সংৰক্ষণৰ কাৰণে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে লোৱা এই পদক্ষেপৰ অসম ওড়িয়া যুৱ পৰিষদৰ নেতৃবৃন্দই শলাগ লয়।