তামুলপুৰ জিলাৰ বগামাটি আৰু তাৰ নিকটৱৰ্তী বনভোজস্থলীসমূহত দ্রুত আৰু অসাৱধানতাৰে বাহন চলাচল কৰাৰ ফলত পথ দুৰ্ঘটনা বৃদ্ধি পাই অহাৰ পৰিপ্ৰেক্ষিতত জিলা আয়ুক্তই কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। তামুলপুৰ জিলা আয়ুক্ত তথা জিলা দণ্ডাধীশ পংকজ চক্ৰৱৰ্তীয়ে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ নম্বৰ ধাৰা অনুসৰি কুমাৰিকাটা বনাঞ্চলৰ অন্তৰ্গত বগামাটি বনভোজস্থলী আৰু তামুলপুৰ তথা গোৰেশ্বৰ ৰাজহ চক্ৰ আৰু আৰক্ষী থানাৰ অধীনৰ বনভোজস্থলীসমূহত প্রযোজ্য হোৱাকৈ এই নিৰ্দেশ জাৰি কৰিছে। নির্দেশনা মর্মে বনভোজ দলসমূহে পুৱা ৯ বজাৰ পূৰ্বে কোনো বনভোজস্থলীত প্ৰৱেশ কৰিব নোৱাৰিব। একেদৰে আবেলি ৪ বজাৰ ভিতৰত সকলো বনভোজ দলে বনভোজস্থলী খালী কৰিব লাগিব। বনভোজস্থলীত প্লাষ্টিকৰ সামগ্ৰী আৰু চাউণ্ড ছিষ্টেমৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে। এই আদেশ পৰৱৰ্তী নির্দেশ নিদিয়ালৈকে বলবৎ থাকিব। নিয়ম উলংঘাকাৰীক প্ৰযোজ্য আইন অনুসৰি শাস্তি বিহা হ‘ব বুলিও নিৰ্দেশনাটোত কোৱা হৈছে।
Assamese | August 29, 2025 8:05 PM | Tamulpur
তামুলপুৰ জিলাত জিলা আয়ুক্তৰ কেতবোৰ নিৰ্দেশনা জাৰি