তামুলপুৰ জিলাত শ্ৰীমন্ত শংকৰদেৱ ৰাজহুৱা প্ৰেক্ষাগৃহত আজি বিটিচিৰ নৱ নিযুক্ত বন বিষয়া আৰু বনকৰ্মীসকলক নিযুক্তিপত্ৰ প্ৰদান কৰা হয়। বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে ৮৪ গৰাকী বন বিষয়া আৰু ৩৩০ গৰাকী বনকৰ্মীক আনুষ্ঠানিকভাৱে নিযুক্তিপত্ৰ প্ৰদান কৰে। অনুষ্ঠানত তামুলপুৰৰ বিধায়ক জলেন দৈমাৰী, বন বিভাগৰ মুখ্য বন সংৰক্ষক সুমন মহাপাত্র, বন বিভাগৰ সঞ্চালক শ্ৰীৰমেশৰ লগতে কেইবাগৰাকীও বন বিষয়া উপস্থিত থাকে। নিযুক্তি পত্ৰ বিতৰণ কৰি শ্ৰীবড়োৱে সকলোকে নিষ্ঠা সহকাৰে কাম কৰি বিটিআৰৰ জীৱ জন্তুৰ লগতে বন সংৰক্ষণ কৰিবলৈ আহ্বান জনায়।
Assamese | August 19, 2025 7:02 PM | Tamulpur
বিটিচিৰ নৱ নিযুক্ত বন বিষয়া আৰু বনকৰ্মীসকলক নিযুক্তিপত্ৰ প্ৰদান