January 22, 2026 11:27 AM

views 74

মহিলা প্রিমিয়াৰ লীগত গুজৰাট জায়েন্টছ ইউ পি ৱাৰিয়ৰ্জৰ মুখামুখি হ’ব

মহিলা প্রিমিয়াৰ লীগ ক্রিকেট প্রতিযোগীতাত আজি বদোদৰাৰ বিচিএ ষ্টেডিয়াম কোটাম্বিত এখন লীগ মেচত গুজৰাট জায়েন্টছ ইউ পি ৱাৰিয়ৰ্জৰ মুখামুখি হ'ব। সন্ধিয়া ৭.৩০ বজাৰ পৰা খেলখন আৰম্ভ হোৱাৰ কথা। এইবাৰৰ মহিলা প্রিমিয়াৰ লীগ দুখন চহৰৰ ফৰ্মেটত অনুষ্ঠিত কৰা হৈছে। প্ৰতিযোগিতাখনৰ নৱী মুম্বাই লীগ সম্পূৰ্ণ হোৱাৰ পিছত দ্বিতীয়াৰ্ধৰ খেলসমূহ গুজৰাটলৈ স্থানান্তৰিত কৰা হৈছে।

February 14, 2025 12:36 PM

views 38

আজিৰে পৰা চলিত বৰ্ষৰ মহিলাৰ প্ৰিমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতা

চলিত বৰ্ষৰ মহিলাৰ প্ৰিমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাৰ তৃতীয় সংস্কৰণৰ প্ৰথমখন খেলত আজি যোৱাবাৰৰ বিজয়ী ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰু গুজৰাট জায়েণ্টছৰ সন্মুখীন হ'ব। বদডোৰাত হ'বলগীয়া খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। অহা ১৫ মাৰ্চৰ প্ৰতিযোগিতাৰ সামৰণি পৰিব। প্ৰতিযোগিতাত দেলহী কেপিটেলছ, গুজৰাট জায়েন্টছ, ইউ পি ৱাৰিয়াৰ্চ, মুম্বাই ইণ্ডিয়ানছ আৰু ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৱে ভাগ লৈছে। যোৱাবাৰৰ বিজয়ী ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালুৰুৱে এইবাৰো তেওঁলোকৰ খিতাপ অক্ষুন্ন ৰখাৰ প্ৰয়াস কৰিব ।