September 16, 2026 12:47 PM

views 15

ইউ পি আইৰ মাধ্যমেৰে লেনদেনৰ ক্ষেত্ৰত ধনৰাশি অধিক হ’লেও কোনোধৰণৰ মাচুল লোৱা নহয় বুলি কেন্দ্ৰীয় চৰকাৰৰ স্পষ্টতা

ইউ পি আইৰ মাধ্যমেৰে ব্যক্তিৰ মাজত লেনদেনৰ ক্ষেত্ৰত ধনৰাশি অধিক হ'লেও কোনোধৰণৰ মাচুল লোৱা নহয় বুলি কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰি দিছে। বিত্ত মন্ত্ৰালয়ে প্রকাশ কৰা মতে ক্ষুদ্র ব্যৱসায়সকলৰ বাবে শূন্য ব্যৱসায়িক ৰেহাইৰ হাৰ- এম ডি আৰ ব্যৱস্থাৰ অধীনত সামৰি লোৱা লেনদেনৰ উপৰি দুহেজাৰ টকা পৰ্যন্ত ধনৰ আদান-প্রদান বিনামূলীয়া হ'ব। ইয়াৰ ফলত ব্যক্তিৰ মাজত লেনদেনৰ ক্ষেত্ৰত ৯৬ শতাংশতে কোনো প্ৰভাৱ নপৰে বুলি চৰকাৰে প্ৰকাশ কৰিছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে দুহেজাৰ টকাতকৈ অধিক লেনদেনৰ ক্ষেত্ৰতহে এম ডি আৰ বলৱৎ...

September 15, 2026 1:05 PM

views 14

ইউ পি আইৰ জৰিয়তে দুহেজাৰ টকা পৰ্যন্ত হোৱা লেনদেনত বেংকে কোনো মাচুল আৰোপ কৰিব নোৱাৰিব বুলি চৰকাৰৰ ঘোষণা

 চৰকাৰে দুহেজাৰ টকা পৰ্যন্ত ইউ পি আইৰ জৰিয়তে হোৱা লেনদেনত বেংকে কোনো মাচুল আৰোপ কৰিব নোৱাৰিব বুলি ঘোষণা কৰিছে। চৰকাৰী ৰাজপত্ৰ অধিসূচনা অনুসৰি ৰূপেৰ ডেবিট কাৰ্ডৰ জৰিয়তে হোৱা লেনদেনৰ ক্ষেত্ৰতো এই নিয়ম প্রযোজ্য হ'ব। এই অধিসূচনা অনুসৰি বেংক নাইবা কোনো পেমেণ্ট ব্যৱস্থা প্ৰদানকাৰীয়ে এনেদৰে ধনৰ আদান-প্ৰদান কৰা ব্যক্তিৰ ক্ষেত্ৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে কোনো কৰ আৰোপ কৰিব নোৱাৰিব। বিত্ত মন্ত্রালয়ে ইউ পি আই লেনদেনৰ ক্ষেত্ৰত আৰোপ কৰিবলগীয়া কৰ সংক্ৰান্তীয় নীতি-নিয়ম স্পষ্ট কৰি দিয়াৰ বাবে ধন আদায় আৰু...

August 1, 2025 9:05 PM

views 94

এন পি চি আয়ে আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ কেতবোৰ নতুন ইউ পি আই নীতি ৰূপায়ণ কৰিছে

এন পি চি আয়ে আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ কেতবোৰ নতুন ইউ পি আই নীতি ৰূপায়ণ কৰিছে। এই নীতি অনুসৰি ধনৰ প্ৰত্যেকবাৰ লেনদেনৰ পূৰ্বে গ্ৰাহকে প্রেৰকৰ নাম জানিব পাৰিব। প্ৰতিটো ইউ পি আই এপে দিনটোত গ্ৰাহকক নিজৰ বেংকত জমাধনৰ সবিশেষ ৫০ বাৰকৈ জনোৱাৰ অনুমতি দিছে। অৱশ্যে ব্যস্ততাপূর্ণ সময়ত ইউ পি আয়ে গ্ৰাহকৰ এই অনুৰোধ সীমিত বা বন্ধ কৰিবও পাৰে। ধনৰ লেনদেনৰ স্বয়ংক্রিয় প্রক্রিয়াও এন পি চি আয়ে ব্যস্ততা নথকা সময়তহে প্ৰক্ৰিয়াকৰণ কৰিব। গ্রাহকসকলে এতিয়াৰে পৰা মোবাইল নম্বৰৰ সৈতে সংযোগ থকা বেংকৰ তালিকাও চাব পাৰিব...